মাহেকীয়া বা ঋতুস্ৰাব মানে কি ,মাহেকীয়া মানে গোপনীয়তা নিকি ?

Photo source: Google 

বৰ্তমান ৰ যুগটো আমাৰ সমাজত মাহেকীয়া শব্দটোৰ লগত জড়িত বহুতো অন্ধবিশ্বাস প্ৰচলিত হৈ আছে । চুৱা শব্দ ব্যবহাৰ কৰি নাৰী সমাজক মানসিক অত্যাচাৰ কিয় কৰি আছো ? এবাৰ ভাবি চাইছে নে এই অন্ধবিশ্বাসৰ বাবে আজিৰ সমাজত কিশোৰী আৰু নাৰী জাতিৰ কিমান ক্ষতি হৈছে কিমান জনী মহিলাৰ গুপ্ত ৰোগৰ ফলত মৃত্যুক অকোৱাঁলিব লগা হৈছে 

ঋতুস্ৰাব হৈছে নাৰী জাতিক দিয়া প্ৰকৃতিৰ এক বৃহৎ শক্তি । এই শক্তিৰ ফলতে নাৰীয়ে সন্তান জন্ম দি মানব জীৱন সৃষ্টি কৰিব পাৰিছে । যেতিয়া এগৰাকী মহিলা ১০ ৰ পৰা ১৩ মান বছৰত ভৰি দিয়ে সেই সময় খিনিত কিছুমান দৈহিক পৰিবৰ্তন দেখা যায় । আৰু ঠিক এই সময়ছোৱাত ছোৱালীজনীৰ যৌনাংগৰে ৰক্তক্ষৰন হয় । এই ৰক্তক্ষৰন প্ৰায় ৭ দিনলৈ চলি থাকে ইয়াকে ঋতুস্ৰাব বা মাহকীয়া বুলি কয় । 

মাহেকীয়া হৈ কিয় ?

ঋতুস্ৰাৱ ( Menstruation) হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া। প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া বুলিও অভিহিত কৰা হয়। প্ৰজননৰ উদ্দেশ্যে নাৰীৰ ডিম্বাশয়ত ডিম্বস্ফুটন হয় আৰু সেই ডিম্ব ফেলোপিয়ান নলীয়েদি জৰায়ুলৈ আহে আৰু ৩-৪ দিন অৱস্থান কৰে। এই সময়ত যদি পুৰুষৰ লগত যৌনমিলনৰ মাধ্যমেদি নাৰীৰ জৰায়ুত শুক্ৰকীট নাহে আৰু নহাৰ কাৰণে যদি ডিম্ব নিষিক্ত নহয়, তেতিয়া সি নষ্ট হৈ যায় আৰু জৰায়ুৰ অভ্যন্তৰৰ সৰস স্তৰ (এণ্ডমেট্ৰিয়াম) ভাঙি যায়। এই ভগ্ন আৱৰণ, শ্লেষ্মা আৰু ইয়াৰ ৰক্ত বাহিকাৰ পৰা উৎপাদিত ৰক্তপাত সকলো মিহলি হৈ তৈয়াৰ হোৱা তৰল আৰু তাৰ লগতে ইয়াৰ গোট মৰা আৰু আধা গোট মৰা মিশ্ৰণ কেইবা দিন ধৰি একেৰাহে যোনিপথেৰে নিৰ্গত হয়। এই ক্ষৰণেই ঋতুস্ৰাৱ বা ৰক্তস্ৰাৱ বা ৰজঃস্ৰাৱ।

 মাহেকিয়া আৰু অন্ধবিশ্বাস :

বৰ্তমান সমাজত আমি প্ৰায়ে শুনি অহা মাহেকীয়াৰ সৈতে জড়িত এটা শব্দ চুবা । আচলতে মাহেকীয়া মনে চুবা নিকি ? মাহেকীয়া মানে চুবা কেতিয়া ও হ'ব নোৱাৰে । কাৰন মহেকীয়া হোৱা কোনো ধৰনৰ লেটেৰা কথা নহয় ।
যদি মাহেকীয়া নহ'লে হয় তেনেহ'লে হ'লে মানব জাতিৰ সৃষ্টি ও নহ'ল হেতেন । বহু শিক্ষিত লোকে কয় মহেকীয়াৰ পৰা ফলত ওলোৱা ৰক্ত খিনি শৰীৰত জমা হোৱা দূখিত তেজ এইটো অসত্য আচলতে সেই ৰক্ত খিনিয়ে মাতৃগৰ্ভৰ ভিতৰ সন্তান শক্তি দিব পৰা পুষ্টিকৰ তেজ । গতিকে তাত চুৱা ক'ত ?

পৰম্পৰাগত বিশ্বাসৰ বলি নোহোৱা মহিলা আমাৰ সমাজত হয়তো বিৰল। প্ৰথমতে, আদ্যঋতু হোৱা দিন ধৰি ছোৱালী এজনীক ঘৰৰ ভিতৰত সুৰ্য্যৰ পোহৰ নপৰাকৈ কেইবাদিনো এটা কোঠালীত থৈ দিয়া হয় আৰু একো খাবলৈ দিয়া নহয়, কোনো পুৰুষৰ মুখ চাবলৈ দিয়া নহয়। এইখিনি সময়ত ছোৱালী এজনী মানসিক উদ্বিগ্নতা লগতে ৰক্তক্ষৰণৰ ফলত হোৱা শাৰীৰিক দুৰ্বলতাৰ চিকাৰ হৈ থাকে। গতিকে তাইক সহযোগিতা, সঠিক নিদৰ্শন, বৈজ্ঞানিক চিন্তাৰ খোৰাক যোগোৱাৰ লগতে সুষম আহাৰ, আৰাম বিচনাৰ প্ৰয়োজন। দ্বিতীয়তে, মাহেকীয়া হৈ থকা এগৰাকী মহিলাক কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব দিয়া নহয়, বা স্কুলীয়া ছাত্ৰীক স্কুল যোৱাৰ পৰা বঞ্চিত কৰা হয়। যিয়ে নাৰীক বহিৰ্মূখী হোৱাত কিছু পৰিমাণে হ লেও বাধাৰ সৃষ্টি কৰিছে। 

কিয় বাৰু পবিত্ৰ নাৰীক আমি অপবিত্ৰ বুলি গণ্য কৰি আহিছো

        এই ধৰণৰ অন্ধ বিশ্বাস বোৰৰ কাৰণে বহু মহিলা শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে, লগতে শিক্ষানুষ্ঠান, প্ৰতিযোগিতা আদিত উপস্থিতিৰ শতাংশ হ্ৰাস পাইছে। unesco report মতে মাহেকীয়া জনিত কাৰণত শতকৰা ২০ গৰাকী মহিলা প্ৰতিবছৰে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে। মানুহৰ অজ্ঞানতা আৰু কু সংস্কাৰৰ কবলত পৰি মহিলা সকলে ভয়ংকৰ ৰোগ যেনে UTI, RTI, BACTERIAL VAGINOSIS, LEUCORRHREA, CERVICAL CANCER, PIDআদিক সাৱটি লব লগা হৈছে। পৃথিৱীত প্ৰতি বছৰে ৮ লাখ মহিলাই মাহেকীয়াজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। মাহেকীয়াৰ প্ৰাক্ মুহূৰ্ত টো এক জটিল, হৰমোন সঞ্চালিত প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়া চলি থকা সময়ত শৰীৰত কিছুমান অস্বাভাৱিকতা যেনে মূৰৰ বিষ, সামান্য কঁকালৰ বিষ, পেটৰ বিষ, খিংখিঙীয়া স্বভাৱ, হতাশা, ভাগৰ ভাগৰ লগা, স্তনৰ জড়তা, আভোক, টোপনিৰ তাৰতম্য ঘটা দেখা যায়। এই লক্ষ্যণসমূহক সংক্ষেপে PMS বুলি কোৱা হয়। কিন্তু এই সমস্যা সমূহে যদি দৈনন্দিন জীৱন যাপন ত ব্যাঘাত জন্মায়, চিকিৎসকৰ পৰামৰ্শ লোৱা নিত্যান্তই প্ৰয়োজনীয়।

আমি কি কৰা উচিত ?

মাহেকীয়াৰ বিষয়ে যৎসামান্য information অষ্টম নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ত সান্নিবিষ্ট কৰা হৈছে, যদিও ভাৰতীয় নাৰীৰ মনৰ পৰা অন্ধবিশ্বাস ৰ আচ্চাদন খন আঁতৰাবলৈ সেইখিনি যথেষ্ট হোৱা নাই যেন অনুভৱ হয়। কিশোৰী সকলক মাহেকীয়া বিষয়ে সঠিক জ্ঞান দিবৰ চৰকাৰে NHM এ কিছুমান আঁচনি হাতত লৈছে যদিও কিমান ফলপ্ৰসূ হৈছে সেয়া সন্দেহ ৰ আৱৰ্তত। প্ৰতিবছৰে 28may ত menstrual hygiene day পালন কৰা হয় যাৰ উদ্দেশ্য হৈছে কিশোৰী সকলৰ মাজত মাহেকীয়া ৰ সময়ত লবলগা চাফ চিকুনতা তথা অপৰিছিন্নতাৰ পৰা হব পৰা ব্যাধি সমূহৰ বিষয়ে সজাগ কৰি তোলা । মাহেকীয়াৰ সময়ত সুষম আহাৰৰ লগতে প্ৰচুৰ পৰিমাণে পানীয় যেনে ডাবৰ পানী , glucose পানী, বিশুদ্ধ পানী আদি খোৱা আবশ্যক। দৈনন্দিন কাম কাজ সুকলমে কৰিব পাৰি যদিও অতিপাত শাৰীৰিক পৰিশ্ৰম ৰ পৰা দূৰত থকা ভাল। Sanitary napkins ব্যৱহাৰ কৰাটো নিতান্তই প্ৰয়োজনীয় যিহেতু ইয়াৰ ব্যৱহাৰে infection ৰ হাৰ বহু পৰিমাণে কমাই দিয়ে। ৪-৫ ঘণ্টাৰ মূৰে মূৰে napkin সলনি কৰি তাক সঠিক ভাবে dispose কৰিব লাগে আৰু ৰক্তস্ৰাৱৰ গোন্ধ আৰু ৰঙ স্বাভাৱিক আছে নে নাই তাক পৰীক্ষা কৰা উচিত। মাহেকীয়া জনিত সমস্যাৰ বাবে অভিজ্ঞজনৰ উপদেশ লোৱা বাঞ্চনীয়। নিয়মিত যোগ ব্যায়াম, শৰীৰ চৰ্চ্চা, সুস্থিৰ মানসিকতা, সুস্থ জীৱন যাপনে মাহেকীয়া বুলিয়েই নহয়, অন্য বহুতো স্বাস্থ্য জনিত সমস্যাৰ পৰা দূৰত ৰাখে। মাহেকীয়া উৰ্বৰ জৰায়ুৰ প্ৰতীক চিহ্ন, উৰ্বৰতাৰ সূচায়ক আৰু ই যিহেতু প্ৰকৃতিৰ দান, ইয়াক প্ৰাকৃতিক ভাৱে আঁকোৱালি লোৱা উচিত। মাহেকীয়া উন্নতিৰ পথত যাতে হেঙাৰ নহয় এই কথা বহু legendary মহিলাই প্ৰমাণ কৰি গৈছে। যিহেতু সুস্থ নাগৰিকেহে সুস্হ ৰাষ্ট্ৰ এখন গঢ়াত সহায় কৰে, মহিলা সকলে অন্ধবিশ্বাসক ভৰিৰে গচকি অলপ আগবাঢ়ি আহি ৰাস্ট্ৰখনক সুস্বাস্থ্যৰ দিশে আৰু এখোজ আগুৱাই যোৱাত সহায় কৰিব নোৱাৰিবনে?

পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নেপকিন ব্যৱহাৰ :

ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছনন্নতাৰ প্ৰতি বিশেষ চকু দিব লাগে। এই সময়ছোৱাত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰিব লাগে। আৰ্থিক কাৰণত অত্যন্ত দুখীয়া পৰিয়ালত নেপকিন কিনাৰ সামৰ্থ্য নাথাকিলে ঘৰতে কাপোৰেৰ বনোৱা নেপকিন ব্যৱহাৰ কৰিব লগা হ’ব পাৰে। মন কৰিব লাগে যাতে ই পৰিষ্কাৰকৈ ধোৱা আৰু ৰ’দত শুকুওৱা হয়। দিনত কেইবাবাৰো নেপকিন সলাব লাগে। ৬ ঘণ্টাৰ মুৰে মুৰে সলালে ভাল। অৱশ্যে ই স্ৰাৱৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। স্ৰাৱেৰে সংপৃক্ত সেমেকা চেনেটাৰী নেপকিনৰ পেড বহু সময় ধৰি ব্যৱহাৰ কৰিলে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। গৰম আৰু সেমেকা পৰিৱেশত যোনি আৰু জননাংগত থকা অণুজীৱবোৰৰ বৃদ্ধি হয়। ইয়াৰ ফলত প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ, জননাংগ আৰু যোনিৰ সংক্ৰমণ আৰু ছালৰ জোলা (rash) হ’ব পাৰে। সমগ্ৰ প্ৰজনন তন্ত্ৰত বীজাণুৰ সংক্ৰমণ হ’ব পাৰে। নেপকিনৰ সলনি কোনো কোনোৱে টেম্পন (Tampons)ব্যৱহাৰ কৰে। টেম্পন যোনিৰ ভিতৰত প্ৰয়োগ কৰা হয় । দীঘলীয়া সময়ৰ কাৰণে টেম্পন থাকিলে বীজাণু সমগ্ৰ শৰীৰতে বিয়পি Toxic shock syndrome(TSS) সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত মানুহগৰাকীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। ঋতুস্ৰাৱৰ সময়ত নিয়মিতভাৱে স্নান কৰিব লাগে। নেপকিন সলনি কৰাৰ আগতে অপৰ্যাপ্ত পৰিষ্কাৰ পানীৰে জননাংগ ধুব লাগে। যোনি পৰিষ্কাৰ কৰোঁতে চাবোন ব্যৱহাৰ কৰিব নালাগে। যোনিত অপকাৰী আৰু উপকাৰী বেক্টেৰিয়া এক সন্তুলনত থাকে। চাবোন ব্যৱহাৰ কৰিলে উপকাৰী বেক্টেৰিয়াবোৰ মৰি যোৱাৰ ফলত সংক্ৰমণ হ’ব পাৰে। বাহিৰৰ অংশ ধোওঁতেই পানী আৰু চাবোন ব্যৱহাৰ কৰিব লাগে। ভাৰতবৰ্ষৰ শতকৰা ৭৭ ভাগ কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত পুৰণা কাপোৰ ব্যৱহাৰ কৰে। বহুতে শুকান গোবৰ, খেৰ, বালি আদি কাপোৰত মেৰাই ব্যৱহাৰ কৰে। ই অতি বিপজ্জনক। কাপোৰবোৰ মানুহে নেদেখাকৈ ৰ’দ নপৰা জেকা ঠাইত মেলাৰ ফলত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। ভাৰত চৰকাৰে ২০১০ চনৰ পৰা এন আৰ এইচ এমৰ জৰিয়তে ১.৫ কোটি কিশোৰীক চেনিটাৰী নেপকিন যোগান দিয়াৰ আঁচনি গ্ৰহণ কৰিছে।

পুষ্টিকৰ খাদ্য আৰু ব্যায়াম :


১) মাহেকীয়াৰ সময়ত দানাযুক্ত, আঁহযুক্ত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। বুটমাহ, দাইল, মাহ, চয়াবিন, মাখন, গাখীৰ আদি প্ৰটিনযুক্ত খাদ্য উপযুক্ত হাৰত খাব লাগে। শাক-পাচলি , ফলমুল, বাদাম, চিড যথেষ্ট পৰিমাণে খাব লাগে। চাহ, কফি, শীতল পানীয় কমাই খাব লাগে বা বৰ্জন কৰিব লাগে। এই সময়ছোৱাত পাতলীয়াকৈ সঘনাই আহাৰ গ্ৰহণ কৰিব লাগে।

২) পাতলীয়া ব্যায়াম, খোজকঢ়া আদিৰ জৰিয়তে মাহেকীয়া সময়ত হোৱা পেটৰ বিষ আৰু অন্যান্য কষ্টসমুহৰ পৰা পৰিত্ৰাণ পাব পাৰি। ব্যায়াম কৰিলে চেৰটনিন নামৰ ৰাসায়নিক পদাৰ্থ নি:সৰণ হয়। ই মন প্ৰফুল্লিত কৰে।

৩) আজিৰ আধুনিক যুগত মাহেকীয়া ঋতুস্ৰাৱক লৈ দৃষ্টিভংগী সলাবৰ হ'ল। এতিয়া আৰু এইকেইটা দিনত মহিলা আৰু কিশোৰীসকলে ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ অযুক্তিকৰ নিয়ম মানি থকাৰ দিন নাই। ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টিকৰ আহাৰ আৰু পাতলীয়া ব্যায়ামৰ দ্বাৰা ঋতুস্ৰাৱৰ সময়ত হোৱা কষ্ট আৰু অসুবিধা লাঘৱ কৰি কিশোৰী আৰু মহিলাসকলে এটা স্বাস্থ্যৱান জীৱন অতিবাহিত কৰিব পাৰে।

Post a Comment

Please do not enter any spam link in the comment box.

Previous Post Next Post