![]() |
Photo source: Google |
অসমত দিনক দিনে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ভয়ানক ৰূপ বাঢ়িব ধৰিছে। ভয়াৱহতা বৃদ্ধিৰ মাজতে কালি দেওবাৰে পুনৰ ৰাজ্যজুৰি আক্ৰান্ত হ’ল ৩০০ ৰো অধিক লােক।
যোৱা ২৪ ঘন্টাত ৰাজ্যজুৰি ক’ভিডত প্ৰাণ গ’ল ৪৮ জন কৈ লোকৰ।উল্লেখ্য যে শুকুৰবাৰে অৰ্থাৎ ৭ মে তাৰিখে ৰাজ্যজুৰি ক’ভিডৰ সংক্ৰমণত সৰ্বাধিক ৫੦ জন লােকৰ মৃত্যু সাবতি লব লগীয়া হৈছিল।
এই সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ, অসমৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰা মতে, দিনটােত নতুনকৈ ৩,২৯৯ জন লােক নতুনকৈ কৰোনা ভাইৰাচত আক্ৰান্ত হৈছে।
ইয়াৰে ১,৩৪৬ জন কেৱল গুৱাহাটী মেট্ৰ’ জিলাৰ।
সংক্ৰমণৰ শতাংশ প্রতি দিন বৃদ্ধি পাইছে, শনিবাৰৰ ৮.৮৪ শতাংশৰ পৰা ৯.১৩ শতাংশলৈ বৃদ্ধি পাইছে।
অসমত মৃত্যু হোৱা ৪৮ জনৰ ভিতৰত ১৮ জন গুৱাহাটী মেট্ৰ’ জিলাৰ। দিনটােত ৰাজ্যৰ সৰ্বমুঠ ১৭ খন জিলাত ক’ভিডৰ- ১৯ বাবে ৰােগীৰ মৃত্যু ঘটে।
বৰ্তমান ৰাজ্যত সক্ৰিয় ক’ভিড ৰােগীৰ সংখ্যা ৩৬,੦੦৫ লৈ বৃদ্ধি পাইছে। দিনটােত ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ৪,੦৪৫ জন লােকৰ। চিকিৎসকে সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা পাছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিছে।
Post a Comment
Please do not enter any spam link in the comment box.